কৃষক ৰাইজক বিনামূলীয়া এচ এম এচৰ জৰিয়তে বতৰৰ ওপৰত ভিত্তি কৰি পৰামর্শ প্রদান কৰাৰ উদ্দেশ্যে ভাৰত বতৰ বিজ্ঞান বিভাগ আৰু কৃষি মন্ত্রালয়ৰ দ্বাৰা এটা পদ্ধতি যুগুত কৰা হৈছে । এই সেৱাৰ সুবিধা লবৰ বাবে কৃষক বন্ধু সকলক নিজৰ নাম আৰু মোবাইল নম্বৰৰ লগতে শস্যৰ নাম পঞ্জীয়ন কৰাৰ বাবে অনুৰোধ কৰা হ’ল । এবাৰ পঞ্জীয়ন কৰাৰ পাচত কৃষক বন্ধুসকলে তেওঁলোকৰ নির্দিস্ট শস্যৰ বাবে প্রতি সপ্তাহত প্রতিদিনৰ কৃষি সম্বন্ধীয় দিহা-পৰামর্শৰ সৈতে অতি বতৰীয় পৰিঘটনা (যেনে বানপানী, খৰাং, অতিবৃস্টি, আচম্বিতে অহা ঢ়ল, বা-মাৰলি আদি ) ঘটনাৰ বিষয়ে এচ এম এচ লাভ কৰিব । কৃষক বন্ধুসকলক তলৰ নির্দেশ সমূহ পঞ্জীয়ন পত্রত ভৰাবলৈ অনুৰোধ কৰা হ’ল ।

১। ৭ বা ৮ বা ৯ নম্বৰেৰে আৰম্ভ হোৱা মোবাইল নম্বৰ ভর্তি কৰাওক ।

২। দ্রপ দাউন মেনু ব্যৱহাৰ কৰি ৰাজ্য, জিলা আৰু খণ্ড উন্নয়ন নির্বাচন কৰক ।

৩। দ্রপ দাউন মেনু ব্যৱহাৰ কৰি শস্যৰ নাম নির্বাচন কৰক ।

৪। ইমেজ টেক্সট এন্টাৰ কৰক আৰু চেভ বাট’ন দবাওক ।

৫। স্ক্রীনত ওলাব যে পঞ্জীয়ন সম্পুর্ণ হ’ল ।

৬। পঞ্জীয়নৰ কাৰণে অনুগ্রহ কৰি ইয়াত ক্লিক কৰক । Click here for registration